June 5, 2024 12:31 PM

দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন

আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ উন্নয়ন তথা জৈৱ তন্ত্ৰ ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবছৰে ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপর্য বহন কৰি আহিছে। দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰা হ'ব। এইবেলি পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বিশদ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্...