July 22, 2024 5:25 PM
মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ
শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈকে ৪ পইণ্ট লাভ কৰি শৃংখলাটোত আগবাঢ়ি আছে। প্রতিযোগিতাত ভাৰতে কালি সংযুক্ত আৰব আমেৰিক ৭৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৬৬ ৰান আৰু উইকেট কিপাৰ ৰিছা ঘোষে ৬৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উই এ ই-এ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৩ ৰানহে কৰিবলৈ সক্ষম হয়।