May 19, 2024 1:01 PM
অসমৰ বিভিন্ন অঞ্চলত অহা দুই-তিনি দিনলৈ ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতৰ সম্ভাৱনা
ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা দুই-তিনি দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো অঞ্চলত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকণি আৰু ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ বিৰাজমান হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকণিৰে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইপিনে ৰাজ্যজুৰি হোৱা বৰষুণৰ ...