May 23, 2024 12:15 PM
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় তেহৰাণত উপস্থিত
ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিন আব্দুল্লাহিয়ানৰ স্মৃতিত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কালি তেহৰাণত উপস্থিত হয়। তেহৰাণত উপস্থিত হোৱাৰ পাছত ইৰাণ কৰ্তৃপক্ষই তেওঁ আদৰণি জনায় আৰু ইয়াৰ পাছতেই তেওঁ প্ৰয়াত ৰাষ্ট্ৰপতি ড০ ছৈয়দ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিন আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। তেওঁ দেশখনৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি মহম্মদ মোখবেৰৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে। দুয়োগৰাকী প্ৰয়াত নেতাৰ অন্ত্যেষ...