September 4, 2024 6:23 PM

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা স্বাগত কুমাৰ আৰু মাৰিয়াপ্পান থাংগাৱেলুক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, তেওঁলোকৰ এই প্ৰাপ্তি হৈছে সুন্দৰ ধাৰাবাহিক প্ৰদৰ্শনৰ উদাহৰণ। তেওঁ কয় যে, তেওঁলোকৰ এই সফলতাই ...

August 16, 2024 6:47 PM

নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতক প্ৰায়ে বৌদ্ধিক সম্পত্তিৰ সোণৰ খনি বুলি অভিহিত কৰা হয়। তেওঁ লগতে কয় যে বেদ এই বৌদ্ধিক সম্পত্তিৰ প্ৰধান উদাহৰণ।