August 17, 2024 6:14 PM

পেৰিছৰ পৰা উভটিল ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট, বিমান বন্দৰত অনুৰাগীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকৰ ৫০ কিলোগ্রাম শাখাৰ মহিলাৰ মল্লযুঁজৰ স্বৰ্ণপদকৰ প্ৰতিদ্বন্দ্বিতাত দুখজনকভাৱে অযোগ্য ঘোষিত হ'বলগীয়া হোৱা পাছত ভাৰতীয় মল্লযুঁজাৰু ৱিনেছ ফোগট আজি পুৱা দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃর্জাতিক বিমান বন্দৰত উপস্থিত হয়। তেওঁক ১০০ গ্রাম ওজন বেছি হোৱাৰ বাবে ফাইনেলত খেলাৰ পৰা বাৰণ কৰা হৈছিল । ইয়াৰ বিৰুদ্ধে শ্ৰীমতী ফোগটে ক্রীড়া আদালতত আবেদন জনাইছিল আৰু সেয়ে তেওঁ পেৰিছতে আছিল। কিন্তু আদালতত তেওঁৰ আবেদন নাকচ হয়। নতুন দিল্লীত উপস্থিত হোৱা ৱিনেছ ফোগটক অনুৰাগীসকল বিমান বন্দৰতে বিপু...

August 15, 2024 11:51 AM

ক্রীড়া চালিছী আদালতৰ মল্লযোদ্ধা ৱিনেশ ফোগটৰ আৱেদন খাৰিজৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ অন্য আইনী বিকল্পৰ অন্বেষণ

ক্রীড়া চালিছী আদালতে পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজত ৫০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগটে জনোৱা আৱেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই United World Wrestling আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিৰুদ্ধে বিনেশ ফোগটে জনোৱা আৱেদন সন্দৰ্ভত চালিছী আদালতৰ ৰায়ক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতি যোগে কৈছে যে, ৱিনেশ ফোগটৰ বিষয়টো চালি-জাৰি চোৱাটো সুনিশ্...

August 12, 2024 6:06 PM

ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ পি টি ঊষাৰ

ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাই ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা ঘটনা সংক্ৰান্তত ভাৰতীয় অলিম্পিক সংস্থাৰ চিকিৎসক দলটোৰ পক্ষ গ্রহণ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় দলৰ মুখ্য চিকিৎসা বিষয়া ডাঃ ডিনশ্ব’ পাৰ্ডিৱালাক জগৰীয়া কৰা উচিত নহয় বুলি কয়। ভাৰতীয় অলিম্পিক সংস্থাই কালি এটা বিবৃতিযোগে কয় যে মল্লযুদ্ধ, বক্সিং আৰু জুডোৰ নিচিনা সমৰ ক্ৰীড়াত ওজন ব্যৱস্থাপনাৰ দায়িত্ব প্ৰতিগৰাকী খেলুৱৈ আৰু তেওঁল...

August 11, 2024 11:56 AM

ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগট আৱেদনৰ ওপৰত ১৩ আগষ্টত ক্রীড়া চালিছী আদালতৰ ৰায় দান

ক্রীড়া চালিছী আদালতে আগশাৰীৰ ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ড০ এনাবেলে বেনেটে ১৩ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত ৰায়দান কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী এই গোচৰৰ এটা পক্ষ আৰু ভাৰতীয় অলিম্পিক সংস্থায়ো প্ৰভাৱিত পক্ষ হিচাপে গোচৰটোত জড়িত হৈছে। ৱিনেশ ফোগটে ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰাৰ পাছতহে ওজন ১০০ গ্রাম অধিক পোৱা গৈছিল বুলি উল্লেখ কৰি তেওঁক যুটীয়াভ...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৱিনেশ ফোগতক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিষয়টো লৈ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি.টি. উষাৰ সৈতে ফোনযোগে কথা পাতিছে। ভাৰতীয় অলিম্পিক সংস্থাক...

August 7, 2024 7:17 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ...

August 7, 2024 5:43 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্রচেষ্টা গ্রহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ...

August 6, 2024 7:57 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময় অনুসৰি আজি নিশা ১০ বাজি ২৫ মিনিটত হবলগীয়া ছেমি ফাইনেলত কিউবাৰ য়ুজনেলিছ গুজমান লোপেজ অথবা লিথুয়েনিয়াৰ গাবিজা দাইলেটৰ সন্মুখীন হ'ব। ইপিনে, নিজ চোপ্ৰাই পুৰুষৰ জেভলীনত যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ৮৯ দশমিক ৩-৪ মিটাৰ দূৰত্বলৈ জেভলীন নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে দেশৰ আন এগৰাকী খেলুৱৈ কিশোৰ জেনাই...