September 15, 2024 8:18 PM

ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। ডিজিটেল টাৱাৰৰ দৰে আন্তঃগাঁথনি এনে সুযোগৰে উদাহৰণ বুলি তেওঁ উল্লেখ কৰে। নাগপুৰৰ ৰামদেও বাবা বিশ্ববিদ্যালয়ৰ ডিজিটেল টাৱাৰ উদ্বোধন কৰাৰ পাছত এই উপলক্ষে ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, উপ-মুখ্যমন্ত্রী দেবেন্দ্র ফাদনৱীছ, পঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত উপস্থিত থাকে। উল্লেখযোগ্য যে ১২ মহলীয়া...

September 15, 2024 8:14 PM

গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ ৪৩৪টা ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰৰ সংবিধান মন্দিৰসমূহ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্রী ধনখড়ে কয় যে, সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা আৰু সংসদ হৈছে ইয়াৰ সংৰক্ষক। তেওঁ আৰু কয় যে, সংবিধান পঢ়ি আৰু হৃদয়ঙ্গম কৰি ইয়াৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা উচিত। গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ ...

September 1, 2024 8:30 PM

কলকাতাত মহিলা চিকিৎসকৰ সৈতে সংঘটিত ঘটনাক উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গৰিহণা

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উত্তৰা খণ্ডৰ ঋষিকেশত আজি সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী তথা কৰ্মচাৰীসকলক সম্বোধন কৰি দিয়া ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে বৰ্বৰ অপৰাধেৰে মানৱতাক লজ্জানত কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে চিকিৎসক, নার্চ, কম্পাউণ্ডাৰ তথা অন্যান্য স্বাস্থ...

September 1, 2024 1:43 PM

সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অভিহিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্রতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয়, আৰ আই এম চি ৰ কেডেটসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ছোৱালীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে বিশ্ব কল্যাণৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পৰাকৈ সাজু কৰি তোলা হৈছে। ইয়াৰ পূর্বে শ্রীধনখড়ে মহাবিদ্যাল...

August 15, 2024 8:28 PM

দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

 উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী ধনখড়ে হায়দৰাবাদৰ কানহা শান্তি বনমলৈ যাব। দ্বিতীয় দিনা অন্ধ্রপ্রদেশত স্বৰ্ণ ভাৰত ন্যাসৰ ২৩ সংখ্যক বার্ষিকীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে অকশৰা বিদ্যালয় চৌহদ আৰু দক্ষতা বিকাশ কেন্দ্ৰ আৰু মোপ্পাবাৰাপু ফাউণ্ডেচনলৈ যাব।

July 12, 2024 9:44 AM

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্রফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত ২০৪৭ উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত...

June 8, 2024 1:29 PM

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।

May 15, 2024 11:21 AM

নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সংসদ ভৱনত কালি ভাগৱত গীতা সন্দৰ্ভত ড০ সুভাষ কাশ্যপৰ ব্যাখ্যাত্মক ধাৰা বিৱৰণী উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পৱিত্র গ্রন্থ গীতাই আধ্যাত্মিকতা, ধার্মিকতা আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ পথ দেখুৱাই আহিছে।