July 20, 2024 1:04 PM

গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগৰ বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচী

শেহতীয়া বানত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পশুপালক সকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা আৰু টীকাকৰণ অভিযান অনুষ্ঠিত কৰা হৈছে। বোকাখাট সমষ্টিৰ অন্তৰ্গত ডিফলু পথাৰত কালি গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগে বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণি কৰে। কৃষিমন্ত্ৰী অতুল বৰাই কাৰ্যসূচীত অংশ লৈ স্থানীয় পশুপালক সকলৰ মাজত প্রয়োজনীয় দৰৱ তথা খাদ্য আদি বিতৰণ কৰে। এই অভিযানত গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা বানপীড়ি...

June 14, 2024 12:30 PM

কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ খচৰা প্ৰস্তুত

ৰাজ্য চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগে কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণৰ বাবে এখন খচৰা প্ৰস্তুত কৰিছে। কুকুৰাৰ মাংসৰ লগতে কণী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে স্বনিৰ্ভৰশীল হ'ব পৰাকৈ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে এখন হাঁহ-কুকুৰা আইন প্রণয়ন কৰিবলৈ সাজু হৈছে। দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিবৰ কাৰ্যালয়ত অনলাইন মাধ্যমযোগে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। বিভাগটোৱে জনোৱা মতে ইতিমধ্যে অসমত কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণ নীতি ২০২৪ৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই নীতিৰ...