August 18, 2024 8:18 PM

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাত সংঘটিত দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু, ৩৭ গৰাকী লোক আহত

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ গৰাকী লোক আহত হয়। আহত সকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৪ গৰাকী মিৰাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ বুজ লৈ সংশ্লিষ্ট বিষয়াসকলক আহতসকলৰ বাবে শীঘ্ৰেই সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনৰ দণ্ডাধীশ চন্দ্রপ্রকাশ সিঙে কয় যে, দুর্ঘটনাগ্রস্ত বাহন দুখনৰ এখন গাজিয...

August 4, 2024 6:04 PM

উত্তৰ প্ৰদেশৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত

উত্তৰ প্ৰদেশৰ এটোৱা জিলাৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন গুৰুতৰভাৱে আহত হয়। এটোৱা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আকাশবাণীক জনোৱা মতে, ৰাইবেৰেলীৰ পৰা দিল্লী অভিমুখী নাগালেণ্ডৰ নম্বৰপ্লেট থকা ডাবল ডেকাৰ বাছখন যোৱা নিশা এক্সপ্ৰেছৱেটোৰ ১২৯ নম্বৰ চেনেলৰ সমীপত আন এখন বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতে নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।