July 16, 2024 10:41 AM

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্বাচনত জয়লাভ কৰাৰ পাছত আৰু ২০২০ বৰ্ষত জ' বাইডেনৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত ট্রাম্পে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ক্রমাগত তৃতীয় নির্বাচন। আমেৰিকা যুক্তৰাষ্ট্ৰত অহা নৱেম্বৰত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ...

June 18, 2024 4:56 PM

জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত বৈঠকত অজিত ডোভালৰ অধ্যক্ষতা

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নতুন দিল্লীত কালি জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত তেওঁৰ সৈতে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও অংশগ্ৰহণ কৰি কৌশলগত প্রযুক্তি অংশীদাৰিত্বৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰে। হোৱাইট হাউছে কৈছে যে দুয়োপক্ষই সহ উৎপাদন, সহ বিকাশ আৰু অনুসন্ধান তথা উন্নয়নৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আমেৰিকান, ভাৰতীয় তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ অংশীদাৰসকলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য প...

June 14, 2024 5:55 PM

G-7 শীৰ্ষ সন্মিলনত আমেৰিকা আৰু ইউক্রেইনৰ কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

আমেৰিকা আৰু ইউক্রেইনে কালি ইটালীত G-7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনক্সিয়ে এই দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। সংবাদ মাধ্যমৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি বৃটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ লগতে ১৫খন দেশে কিয়েবৰ সৈতে দীৰ্ঘকালীন সুৰক্ষা চুক্তি সম্পন্ন কৰাৰ পাছত এই চুক্তি সম্পাদন হয়। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত সৈন্যসকলৰ সা-সজুলি, প্ৰশিক্ষণ আ...

June 12, 2024 1:14 PM

টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। দুয়োটা দল প্রতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়ৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰাণ ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা দ্বিতীয় স্থানত আছে। এন্টিগুৱাত অন...

June 1, 2024 2:53 PM

গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ ৰাষ্ট্ৰপতি  বাইডেনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ জনাইছে। ৩টা অংশবিশিষ্ট এই প্ৰস্তাৱ ৬ সপ্তাহৰ যুদ্ধ বিৰতিৰে আৰম্ভ হ'ব, য'ত গাজাৰ জনবসিতপূর্ণ অঞ্চলসমূহৰ পৰা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীসমূহ প্ৰত্যাহাৰ কৰা হ'ব। এই প্ৰস্তাৱৰ জৰিয়তে শত্ৰুতাৰ স্থায়ী পৰিসমাপ্তিৰ লগতে গাজাৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পৰা যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে- ভয়াৱহ সংঘৰ্ষৰ পৰিসমাপ্তিৰ শুভাৰম্ভৰ উদ্দেশ্যে এইয়া সকলোতকৈ উত্তম উপায়। ইপিনে, ই...