April 16, 2024 7:53 PM

২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলাফল তেওঁলোকে লাভ কৰিছে। তেওঁ কয় যে, অনাগত সময়ত তেওঁলোকৰ প্ৰচেষ্টাই দেশৰ ভৱিষ্যত নিৰূপণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে, এয়া তেওঁলোকৰ যাত্ৰাৰ সামৰণি নহয়। পৰীক্ষাত সফল হোৱাৰ বিভিন্ন...

April 16, 2024 7:17 PM

অসমৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্রিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সু...