September 7, 2024 6:34 PM

ওদালগুৰিত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত

ওদালগুৰি জিলাত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত হয়। এই পঞ্জীয়নৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসালয়, ক্লিনিক, পৰীক্ষাগাৰ আৰু ফাৰ্মাচী আদি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো প্ৰতিষ্ঠান আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত পঞ্জীয়ন কৰা হয়।

April 21, 2024 6:42 PM

ভোটাৰৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ওদালগুৰি জিলাত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰে'লৱে গেটৰ পৰা নাগাছোৱালৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল গঠন...

April 3, 2024 12:22 PM

নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে

♦ নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Read More :  দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল  প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত  উল্লেখযোগ্য যে, জিলাখনত ভি ভি পেট মেছিনৰ পৰীক্ষণৰ সময়ত এটা মেছিনৰ সন্ধান লাভ নকৰাৰ সন্দৰ্ভত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুসন্ধান কৰি দেশৰ নিৰ্বাচন ...