September 8, 2024 7:16 PM

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰৰ সাংসদ পদ আৰু ৰাজনীতি ত্যাগৰ সিদ্ধান্ত

Tতৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰে সাংসদ পদ আৰু ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুকলি পত্ৰত সংসদৰ সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰি শ্ৰীসৰকাৰে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ক্ষোভ প্রকাশ কৰিছে। শ্ৰীসৰকাৰে কৈছে যে, দলৰ দুৰ্নীতি আৰু একাংশ নেতাৰ মইমতালিৰ বাবে দলৰ প্ৰতি তেওঁৰ মোহ ভংগ হৈছে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঘটনা উল্লেখ কৰি তেওঁ কয় ...

April 5, 2024 12:02 PM

তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছেঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেশখালীৰ অপৰাধীসকল জীৱনৰ বাকী কাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, একমাত্র বিজেপিহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি ক...