September 13, 2024 12:50 PM

ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী বিৰোধী ঐক্যমঞ্চৰ

ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে ধন ওভোতাই পায়, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। এই গোচৰত অভিযুক্তসকলক চৰকাৰে আতিথ্য প্ৰদান কৰা বুলিও তেওঁল...

September 8, 2024 7:41 PM

ট্রেডিঙৰ জৰিয়তে ধন লুণ্ঠনৰ গোচৰত গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ

ট্রেডিঙৰ নামৰ সাধাৰণ ৰাইজৰ ধন লুণ্ঠনৰ গোচৰত অপৰাধ অনুসন্ধান বিভাগে কালি বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, এই দুই অভিযুক্তৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান বিভাগে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ ভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্রেডিং সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰাৰ পাছত এই ধৰণৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক স্বেজাল আগৰৱালা অ...