September 14, 2024 2:58 PM

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩ টা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্ত্রাসবাদী কেইটাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

April 27, 2024 5:39 PM

বাৰমুল্লা জিলাৰ নাওপ’ৰাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাৰ ছ'পৰৰ নাওপ'ৰা অঞ্চলত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুটাৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। সন্ত্ৰসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰে। এটা সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষী, সেনাবাহিনী আৰু চি আৰ পি এফে অঞ্চলটোত যৌথ অভিযান চলাইছিল।