June 25, 2024 1:19 PM
দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে ডেকাৰ কাৰ্যকাল বৃদ্ধিত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ পিছত কৰ্মচাৰী মন্ত্ৰালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষৰ অহা ৩০ জুনত তেওঁৰ চাকৰিৰ ম্যাদ উকলাৰ সময় আছিল। হিমাচল প্রদেশ কেডাৰৰ ১৯৮৮ বেটছৰ আই পি এছ বিষয়া ডেকাই চোৰাং চোৱা সংস্থাৰ সঞ্চালকৰূপে দক্ষতাৰে সেৱা আগবঢ়াই অহাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কাৰ্যকাল আৰু এবছৰলৈ বৃদ্ধি কৰ...