August 2, 2024 3:03 PM

তামিলনাডুত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ গৰাকী তীর্থযাত্রী মৃত্যু

তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিগৰাকী তীর্থযাত্রী মৃত্যুমুখত পৰে। ৰাজ্যখনৰ ছাটুৰ-কোৱিলপট্টি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ গৰাকী তীর্থযাত্ৰীক কঢ়িয়াই ইক্কানকুড়ি মন্দিৰ অভিমুখে গৈ এখন গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথটোত এখন ট্রাকে খুন্দা মৰাৰ ফলত ৩ গৰাকী তীর্থযাত্ৰীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আৰক্ষীয়ে ইতিমধ্যে ট্রাক চালকজনক গ্ৰেপ্তাৰ কৰিছে।

June 21, 2024 2:51 PM

কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কালি কয় যে ৰাজ্যখনৰ কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে এখন আয়োগো গঠন কৰা হৈছে আৰু আয়োগক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে তামিলনাডু বিজেপিৰ সভাপতি আন্নামালাইয়ে কাইলৈ ষ্টেলিন নেতৃত্বাধীন ডি এম কে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদৰ কথা ঘোষণা...

June 20, 2024 6:41 PM

তামিলনাডুত বিষাক্ত সুৰাপানৰ ফলত ৩৫ জন লোকৰ প্রাণহানি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ তামিলনাড়ু চৰকাৰৰ এককালীন সাহায্য ঘোষণা

তামিলনাডুৰ কল্লাকুৰিচিত কালি বিষাক্ত সুৰাপান কৰাৰ ফলত ৩৫ জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১০০ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোকসকলক পুড়ুচেৰীৰ কল্লাকুৰিচি, ছালেম আৰু জিপমেৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। কল্লাকুৰিচিৰ জিলাধিপতিক ইতিমধ্যে বদলি কৰাৰ উপৰি উপ আৰক্ষী অধীক্ষককে ধৰি আন ১০ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। বে-আইনীভাবে সুৰা সৰবৰাহকাৰীজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০০ লিটাৰ সুৰা জব্দ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিষাক্ত সুৰাপায়ী অধিকাংশ লোক মূৰ ঘূৰোৱা, পেটৰ বি...