July 20, 2024 6:20 PM
তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গতৰ ঘটনাত ২১ জন শ্রমিকে শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে
তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গত হোৱা ঘটনাত ২১ জন শ্রমিক শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে। তেওঁলোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এটা সূত্ৰই জনোৱা অনুসৰি থুথুকুড়ি জিলাৰ পুডু পাণ্ডিয়াপুৰমত থকা এটা সাগৰীয় খাদ্য প্ৰস্তুতকৰণ কাৰখানাত ছৰ্টচাৰ্কিটৰ ফলতে এমনিয়া গেছ নির্গত হয়। ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।