July 6, 2024 6:21 PM

বোপান্না-এবডেন যুটীয়ে নেডাৰলেণ্ডছৰ ৰবান হাছ আৰু ছেণ্ডাৰ এৰেণ্ডছক পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীয়ে জাৰ্মানীৰ হেন্ড্রিক জেবেঞ্চ আৰু কনষ্টেনটিন ফ্রেনজেনৰ বিৰুদ্ধে খেলিব। বোপান্না-এবডেন যুটীয়ে নেডাৰলেণ্ডছৰ ৰবান হাছ আৰু ছেণ্ডাৰ এৰেণ্ডছক ৭-৫, ৬-৪ ছেটত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ কৰে। পুৰুষৰ ছিংগলছত আজি পুৱা শীৰ্ষ বাছনিৰ জেনিক ছিনাৰে অবাছনি প্রাপ্ত ছাৰ্ব মিয়মিৰ কেকমেন'ভিছক ৬-১, ৬-৪, ৬-২ ছেটত পৰাজিত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত শীর...

June 15, 2024 2:49 PM

এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ'বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড' আন্ড্রেঅজ্জীৰ যুটীৰ বিৰুদ্ধে খেলিব। বালাজী আৰু বেগেমেনৰ যুটীয়ে কালি অনুষ্ঠিত ছেমিফাইনেলত ইটালীৰ ফ্ৰান্সেছক' মাষ্ট্ৰেল্লি আৰু ফেডেৰিক' ছিনাক ৬-৩, ৩-৬, ১০-৬ ছেটত পৰাস্ত কৰিছিল। ইপিনে নিখিল ভাৰত টেনিছ সংস্থাই পেৰিছ অলিম্প...

May 7, 2024 1:16 PM

ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্‌য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ নীনা মিট্টেলহেমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে মিক্সড ডাবলছত ভাৰতৰ য়শস্বীনী ঘৰপড়ে আৰু হাৰ্মিত দেশাইৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকে স্পেইনৰ মাৰিয়া জিয়াউ আ...

April 17, 2024 11:03 AM

টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাত মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাৰ জয়েৰে অভিযান আৰম্ভ

ভাৰতৰ মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাই চীনৰ মাকাউত চলি থকা টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ গ্ৰুপ পৰ্যায়ত জয়েৰে অভিযান আৰম্ভ কৰিছে। বিশ্বৰ ৩৭ সংখ্যক স্থানৰ খেলুৱৈ মণিকাই ৰোমানিয়াৰ এডিনা ডিকানৌক ৩-১ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ শ্ৰীজা আকুলাই পোলেণ্ডৰ নাটালিয়া বাজোৰৰ বিৰুদ্ধে ৪-০ ফলাফলেৰে বিজয় সাব্যস্ত কৰে। গ্রুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত মণিকা আজি বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ চীনৰ মানয়ু ৱাঙৰ মুখামুখি হ'ব। একেদৰে, গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত শ্ৰীজা চীনৰ চেন মেঙ...

April 11, 2024 6:44 PM

WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ যশস্বিনী ঘোৰপাড

জার্মানীত অনুষ্ঠিত হোৱা WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ এখন খেলত ভাৰতৰ যশস্বিনী ঘোৰপাড দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। যশস্বিনী ঘোৰপাড়ে মহিলাৰ একক শাখাত তালি দক্ষিণ কোৰিয়াৰ জি ইউনচেক ৩-২ ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে এতিয়া পৰৱৰ্তী ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ আন এগৰাকী খেলুৱৈ কিম হায়ঙৰ বিৰুদ্ধে খেলিব।

April 5, 2024 12:59 PM

ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

→ ভাৰতৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে ক্ৰ'ৱেছিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত কালি জি সাতিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক ৩-১ ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহিড সূৰৱাজ্জুলাই কাজাখস্তানৰ সাঝাৰ যুবান’ভক ৩-০ আৰু হৰমিত দেশায়ে দক্ষিণ কোৰিয়াৰ চো কীজঙক ৩-১ ফলাফলত পৰাভূত কৰে। একেদৰে মহিলাৰ ছিংগলছত ভাৰতৰ যশস্বিনী ঘোৰপড়েই ক্ৰ'ৱেছিয়াৰ মাটেজা জেগৰক ৩-০ পোনপটীয়া গেমত পৰাজিত কৰে। জি সাতিয়ান আৰু মণিকা বাঢ়াৰ ভাৰতীয় যুটি...