August 21, 2024 3:00 PM

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশ এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্রতিযোগিতাৰ খেলসমূহ অহা ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ'ব।

July 29, 2024 6:38 PM

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণুই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণ...

July 20, 2024 6:32 PM

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেটত থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি দিনৰ ২ বজাত আৰম্ভ হ’ব। আনহাতে আজি সন্ধিয়া ৭ বজাত একেখন ষ্টেডিয়ামতে হ’বলগীয়া আন এখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। যোৱাবাৰৰ বিজয়ী ভাৰতে কালি সন্ধিয়া ডাম্বুলাত অনুষ্ঠিত এখন খেলত পাকিস্তানক সাত উইকেটত পৰাস্ত কৰিছিল। পাকিস্তানে নিৰ্ধাৰন কৰি দিয়া ১০৯ ৰানৰ লক্ষ্য ভাৰতীয় মহিলা দলটোৱে ৭ টা উইকেট বাকী থকা অৱস্থাতে অতিক্ৰম কৰিবলৈ স...

July 15, 2024 10:48 AM

পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব'ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব'ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব' ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৪৫টা বলত সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে ২৪টা বলত ২২ ৰান আৰু শিৱম ডুবেই ১২টা বলত ২৬ ৰান সংগ্ৰহ কৰে। জিম্বাব'ৱেৰ হৈ মুজাৰবানীয়ে ভাৰতৰ দুটা উইকেট দখল কৰে। প্ৰত্য...

July 10, 2024 12:15 PM

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয়খন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শৃংখলাত দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে। শুভমন গীল নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৱে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভৰ চেষ্টা চলাব। ইপিনে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদ বি-চি-চি-আয়ে জিম্বাব'ৱে ক্রিকেট আৰু জিম্বাবৱে পৰ্যটনৰ সহযোগত ভাৰতীয় ক্রিকেট দলৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কালি হাৰাৰেত বন্যপ্ৰাণী ভ্ৰমণৰ ...

June 28, 2024 12:04 PM

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পাণ্ডিয়াই ১৩ বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জর্ডানে ৩টা উইকেট দখল কৰে। ৰীচি টোপলে, জোফ্র...

June 27, 2024 6:45 PM

টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদাদৰ ব্ৰায়ন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে। ৫৭ ৰানৰ বিজয়ৰ লক্ষ্যৰে খেলি দক্ষিণ আফ্ৰিকাই ৮ অ’ভাৰ ৫টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি ...

June 15, 2024 12:37 PM

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 13, 2024 4:49 PM

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান...

June 4, 2024 8:58 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...