July 31, 2024 10:56 AM

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ আটাইকেইখন খেলত ভাৰতৰ জয়লাভ

শ্ৰীলংকাৰ পাল্লাকেলেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত যোৱা নিশা অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক ছুপাৰ অভাৰত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ শুভমন গিলে ৩৯ আৰু ৰিয়ান পৰাগে ২৬ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, খেলখনত শ্ৰীলংকাই সুন্দৰ আৰম্ভণি কৰে যদিও অন্তিম ৪টা অভাৰত ক্ৰমাগতভাৱে উইকেট হেৰুৱাই ১৩৭ ৰাণত ইনিংছ সমাপ্ত কৰে। ইয়াৰ ফলত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। শ্রীলংকাই কেৱল ২ ৰাণহে সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ অধিনায...

July 26, 2024 7:56 PM

ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে। খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। ছেমিফাইনেলৰ আনখন খেল ক্ষন্তেক সময়ৰ পাছতে শ্রীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া সাত বজাত ভাৰত আৰু আনখন ছেমিফাইনেলত বিজয...

July 6, 2024 8:23 PM

হাৰাৰেত টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য জিম্বাব’ৱেৰ

হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে ছৈত জিকি জিম্বাব’ৱেক প্ৰথমে বেটিঙৰ বাবে আমন্ত্রণ জনায়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বাতৰি লিখা পৰলৈকে ১০ অভাৰত ৫টা উইকেট হেৰুৱাই ৪৩ ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ এই খেলখনত অভিষেক ঘটিছে।

June 28, 2024 12:04 PM

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পাণ্ডিয়াই ১৩ বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জর্ডানে ৩টা উইকেট দখল কৰে। ৰীচি টোপলে, জোফ্র...

June 18, 2024 5:11 PM

আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা ...

June 9, 2024 8:17 PM

টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ এৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ মুখামুখি

নিউয়ৰ্কৰ নাচাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত-পাকিস্তানৰ সন্মুখীন হৈছে। টছত জয়লাভ কৰি পাকিস্তানে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে, ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ৫ ৰানত পৰাজিত হৈছে। আনহাতে, এনটিগুৱাৰ নৰ্থ চাউণ্ডত হ'বলগীয়া প্ৰতিযোগিতাৰ আজিৰ আন এখন খেলত ...

May 26, 2024 12:59 PM

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকালৈ ৰাওনা

২ জুনত আৰম্ভ হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল কালি আমেৰিকালৈ ৰাওনা হয়। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ, সূর্য কুমাৰ যাদৱ, ৰবীন্দ্র জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ সিং, খলিল আহমেদ, কুলদীপ যাদব, অক্ষৰ পেটেল, মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু বেটিং প্রশিক্ষক বিক্রম ৰাথোৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে ২ জুনৰ পৰা ২৯ জুনলৈ যুটীয়াভাৱে টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আয়োজন কৰিছে। ...