September 17, 2024 12:51 PM
সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত স্বচ্ছতাই সেৱা অভিযান ২০২৪ ৰ বিভিন্ন কাৰ্যসূচী আয়োজন
সমগ্ৰ দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। উল্লেখযোগ্য যে ২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানে এটা দশক পূৰ্ণ কৰিলে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছ...