May 19, 2024 1:07 PM

ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্তিৰ বাবে অতিৰিক্ত ন্যায়াধীশ দুগৰাকীৰ নামত অনুমোদন জনাই ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।

April 5, 2024 8:52 PM

ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব'র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰ চুড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্রত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰই নিজৰ আবেদনত দৃঢ়তাৰে কয় যে এই ৰায়দানত ভাৰতীয় সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো ভুলকৈ ব্যাখ্যা কৰা হ'ব পাৰে।

April 1, 2024 8:34 PM

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত উভয় সম্প্রদায়কে ধর্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ সুবিধা দিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত হিন্দুসকলক পূজা কৰাৰ বাবে যোৱা ৩১ জানুৱাৰীত বাৰাণসী আদালতে দিয়া ৰায় স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে ন্যায়াধীশ জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে সকলো পক্ষকে মছজিদ প্ৰাংগনত বৰ্তমানৰ ব্যৱস্থা বাহাল ৰাখি উভয় সম্প্রদায়কে ধর্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ সুবিধা দিবলৈ নির্দেশ দিয়ে। আদালতে দিয়া নিৰ্দেশ অনুসৰি, হিন্দুসকলে দক্ষিণ দিশেৰে প্ৰৱেশ কৰি সেই অংশত প্ৰাৰ্থনা কৰাৰ বিপৰীতে মুছলমানসকলে উত্তৰ দি...