September 17, 2024 8:25 PM
কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ উইকিপিডিয়াক নির্দেশ
উচ্চতম ন্যায়ালয়ে কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উইকিপিডিয়াক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই ঘটনাৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰ সংক্ৰান্তত শুনানি গ্ৰহণ কৰি আজি এইদৰে নিৰ্দেশ দিয়ে। মহান্যায়াভিকর্তা তুষাৰ মেহতাই শুনানিৰ সময়ত বিচাৰপীঠখনৰ আগত কয় যে, উইকিপিডিয়াই বর্তমা...