September 16, 2024 8:01 PM

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত বিচাৰ-বিবেচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে শনিবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আ...

August 22, 2024 8:14 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্রক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি প্ৰতিবাদত চিকিৎসকসকলক কামলৈ উভতি যাবলৈ আহ্বান জনায়। বিচাৰপীঠখনে কয় যে, বৰ্তমানৰ প্ৰতিবাদ কাৰ্যসূচীয়ে জনস্বাস্থ্য ব্যৱস্থাত গুৰুতৰ প্রভাৱ ...

August 21, 2024 12:04 PM

চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

■ উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি ক’লকাতাৰ আৰ জে কৰ হাস্পতালত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি ...

August 20, 2024 5:37 PM

চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে আজি কলকাতাৰ এখন চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ শুনানি গ্রহণ কৰি কার্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশত...

August 1, 2024 2:54 PM

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ২০০৪ চনৰ পি ভি চিন্নায়াৰ ৰায়ক ৬-১ বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত অনুসূচিত জাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত উপ-বৰ্গীকৰণ চৰকাৰী চাকৰি আৰু প্ৰৱেশৰ ক্ষেত্ৰত স্বীকাৰ কৰা নহ'ব বুলি কৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিজৰ ৰায়ত আজি ঐতিহাসিক সাক্ষ্যৰ বিষয়ে উল্লেখ কৰ...

July 29, 2024 6:32 PM

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোকআদালতসমূহক ন্যায় লাভৰ বাবে দক...

July 25, 2024 10:39 AM

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

July 18, 2024 7:04 PM

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ শপত গ্ৰহণ

ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অধিষ্ঠিত থকাৰ বিপৰীতে ন্যায়াধীশ আৰ মহাদেৱন মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰূপে নিযুক্ত আছিল।

July 12, 2024 9:47 AM

দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

■ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ৪ দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্যায়ালয়ে শিশু আত্মহত্যাৰ ঘটনা অতি গুৰুতৰ বিষয় বুলি অনুভৱ কৰি কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালকালয়ক এনে ঘটনা প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়।

June 18, 2024 8:16 PM

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অর্থাৎ এন টি এক জাৰি কৰা জাননীত এই পৰীক্ষাত কোনো ধৰণৰ অনিয়ম সংঘটিত হ'লে বিষয়টো স্বচ্ছভাৱে নিষ্পত্তি হোৱা প্ৰয়োজন বুলি উল্লেখ কৰিছে।