June 28, 2024 12:50 PM
মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্চ উইলম’ৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে
কাৰিকৰী আঁসোৱাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্চ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত পোনতে ৮ দিনৰ বাবে পৰিকল্পনা কৰা এই অভিযান এতিয়া এমাহলৈ চলিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহাকাশচাৰীদ্বয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই লৈ যোৱা ষ্টাৰ লাইনাৰ মহাকাশ যানখনৰ হিলিয়াম প্ৰণালীত আসোৱাহ থকা বুলি গম পোৱাৰ পাছতো নাছা আৰু বয়িং কৰ্তৃপক্ষই উৎক্ষেপণ পিছুৱাই দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।