August 27, 2024 6:03 PM

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ সুমিত নাগল

ভাৰতৰ আগশাৰীৰ টেনিছ খেলুৱৈ সুমিত নাগলে টেইল'ন গ্ৰীকম্পুৰৰ হাতত পৰাজিত হৈ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে। নাগল প্রথম দুটা ছেটত ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় যদিও তৃতীয় ছেটত গ্ৰীকম্পুৰক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নাগল নেডাৰলেণ্ডছৰ খেলুৱৈগৰাকীৰ হাতত ১-৬, ৩-৬, ৬-৭ ছেটত পৰাস্ত হয় ৷

June 7, 2024 6:08 PM

চুমিত নাগলে হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ চুমিত নাগলে জার্মানীত যোৱা নিশা অনুষ্ঠিত হেইল ব্ৰ'নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। তেওঁ স্পেইনৰ প্ৰতিদ্বন্দী জেভিআৰ বেৰেংক' অছেন'ক ৬-৪, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সুমিতে আজি সন্ধিয়া ৰাছিয়াৰ ইভানজাকভৰ সন্মুখীন হ'ব।