September 4, 2024 12:22 PM

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ঘোষণা

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য নামৰ অভিলাষী আঁচনি এখনৰ ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ পোৰ্টেলটো কাইলৈৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্রহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ...

July 1, 2024 12:47 PM

আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ

ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটৰ ঘোষণা অনুসৰি স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত হস্ততাঁত উৎপাদিত সামগ্রী ক্রয় কৰিব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। এই আঁচনিৰ অধীনত বৰ্তমান পর্যন্ত সমগ্ৰ ৰাজ্যৰ ৫ লাখ ৬৪ হাজাৰ ৮১১ গৰাকী শিপিনীয়ে প'ৰ্টেলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিছে। হস্ততাঁত খণ্ডৰ সৈতে জড়িত আগ্রহী ব্যৱসায়ী আৰু উদ্যোগীসকলে SWANIRBHARNAARI.ASSAM.GOV.IN ৰ জৰিয়তে ...