September 3, 2024 6:26 PM

ইউ এছ অপেন টেনিছৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটী

ভাৰতৰ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটীটোৱে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাচনিপ্রাপ্ত বোপন্না আৰু অল্ডিলাৰ যুটীটোৱে এঘণ্টা ৩৩ মিনিট জোৰা কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত মেথিউ এবডেন আৰু বাৰব’ৰা ক্রেজিকোভাক ৭-৬, ২-৬, ১০-৭ ছেটত পৰাস্ত কৰে। বোপন্না আৰু অণ্ডিলাৰ যুটীটো ছেমিফাইনেলত আমেৰিকাৰ ডোনাল্ড য়িং আৰু টেইলৰ টাউনছেণ্ডৰ সন্মুখীন হ'ব।

September 2, 2024 8:37 AM

পেৰিছ পেৰালিম্পিকত ভাৰতীয় পেৰা এথলীট প্রীতি পালৰ মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন

■ পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই জয়েৰে প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰছনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুর্মুৱে কয় যে, প্রীতিক লৈ সমগ্ৰ ভাৰত গৌৰাৱান্বিত ত্ৰিৰংগা পতাকা লৈ খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহ...

September 2, 2024 8:32 AM

কাইলৈৰ পৰা T-20 ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হ’ব

■ টি-টুৱেন্টি ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল কাইলৈ লণ্ডনৰ কেনিংটন অভেলত অলি প’'প নেতৃত্বাধীন ছাৰী আৰু এলেক্স লিজ নেতৃত্বাধীন ডাৰহামৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০.৩০ বজাত আৰম্ভ হ'ব।

August 31, 2024 8:30 PM

মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন'য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত থাকে। দুটা শাখাত অনুষ্ঠিত নাওখেল প্রতিযোগিতাত মুঠ ১২টা দলে অংশগ্ৰহণ কৰে।

August 31, 2024 7:48 PM

পেৰিছ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২১১ দশমিক ১ পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱানমদিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ ওজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

August 31, 2024 6:02 PM

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে ছেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে, মোহন বাগানে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে গ্রুপ পৰ্যায়ৰ খেলত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।

August 21, 2024 12:33 PM

শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ

■ শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ জিলাখনৰ বিহাৰগুৰি মিনি ষ্টেডিয়ামত চলি আছে। ২৯ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণ শিবিৰৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা ক্রীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত থাকে। শিবিৰৰ প্ৰথম দিনটোত ৯০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

August 19, 2024 9:24 PM

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ'জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰি উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত সন্দিকৈ মহাবিদ্যালয়ৰ চৈতলী ঘোষ আৰু নেহা দেই ৰূপৰ পদক, সুমিত্ৰাক্ষী শ‍ইকীয়া আৰু টিনা সোণোৱালে নিজ নিজ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত জাপান, পাকিস্তান, বাংলাদেশকে ধৰি মুঠ ৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

August 13, 2024 3:31 PM

ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ

বিশ্ব বেডমিণ্টন ফেডাৰেচনে ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন কৰিছে। এই প্রতিবন্ধকতাৰ বাবে খেলুৱৈগৰাকীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব।

August 13, 2024 2:00 PM

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰে'লৱেৰ যশদীপ ভোগে, উত্তৰ প্ৰদেশৰ নীজ চৌহান আৰু পি এছ বিৰ অতনু দাসে শীর্ষ তিনিটা স্থান লাভ কৰিছে। ইফালে, ছিনিয়ৰ ছোৱালী ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগোৰা ভাৰ্গৱী, হাৰিয়ানাৰ সংগীতা আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। কালি ছিনিয়ৰ ল'ৰা আৰু ছোৱালীৰ কম্পাউণ্ড শাখাৰো ফাইনেল খেল...