September 23, 2024 1:40 PM

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই দবা খেলৰ নতুন প্ৰজন্মক খেলত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।

September 16, 2024 7:46 PM

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব।

September 14, 2024 3:05 PM

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ১৫ মিনিটত আৰম্ভ হৈছে।

September 14, 2024 11:24 AM

ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব

■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র' শিতানত অৱতীৰ্ণ হ'ব। এই শিতানৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১.৫২ মিনিটত আৰম্ভ হ'ব। নীৰজ চোপ্ৰাই ইয়াৰ পূৰ্বে ২০২২ চনত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল আৰু ২০২৩ চনত দ্বিতীয় স্থানত আছিল। খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত দুখন প্রতিযোগিতাৰ পৰা ১৪ পইণ্ট লাভ কৰিছে আৰু সামগ্ৰিকভাৱে চতুৰ্থ স্থানত আছে। ইপিনে, অবিনাশ ছাবলেই ডায়মণ্ড লীগ...

September 13, 2024 9:20 PM

ভিয়েটনাম অ’পেন বেডমিণ্টনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটি

ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটো ভিয়েটনাম অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ক্ৰাষ্টো আৰু কপিলাৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰে সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা ৱৰিয়থৰ যুটীটোক ১৪-২১, ২১-১০, ২১-১৪ গেমত পৰস্ত কৰে। ইপিনে, এম থাৰুনে জাপানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে।

September 12, 2024 1:55 PM

মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ৰ ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত জুনিয়ৰ বয়জৰ খিতাপ দখল

মণিপুৰৰ টি জি ইংলিছ বিদ্যালয়ে ৬৩ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ বয়জৰ খিতাপ দখল কৰিছে। দলটোৱে কালি নতুন দিল্লীত অনুষ্ঠিত ফাইনেলত মেঘালয়ৰ মিংগ্‌কেন খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাডেন ডেথ ট্রাই ব্ৰেকাৰৰ সহায়ত ৪-৩ গলত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত ড্র' হোৱাত ছাড়েন ডেথ ট্রাই ব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়।

September 12, 2024 1:53 PM

হাংগেৰীৰ বুডাপেষ্টত ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ বুডাপেষ্টত কালি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্রতিযোগিতাৰ মুকলি শাখাত ভাৰতে ৪-০ ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে ৩.৫৫ ফলাফলেৰে আধিপত্য বিস্তাৰ কৰিছে। মুকলি শাখাত আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ তিছিৰ মহম্মদক পৰাস্ত কৰি ভাৰতক অগ্রগতি প্ৰদান কৰে। ইয়াৰ কিছু সময়ৰ পাছতে বিদিত গুজৰাথীয়ে অউখিৰ মেহদি পেৰীক আৰু পেন্টালা হৰিকৃষ্ণই মোৱায়াদ আনাছক পৰাস্ত কৰে। চতুৰ্থখন খেলত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ অৰ্জুন এৰিগাইচিয়ে এলবিলিয়া জেইক্সৰ বিৰুদ্ধে বিজয়...

September 12, 2024 1:58 PM

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে। ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম দলৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিচালকক আন্তৰিক অভিনন্দন জনাইছে।

September 11, 2024 2:18 PM

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হৈছে। ১২ দিনীয়াকৈ হ'বলগীয়া প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। মুকলি শাখাত ১৯৩টা ৰাষ্ট্ৰীয় দলে পঞ্জীয়ন কৰাৰ লগতে মহিলা শাখাত ১৮১টা দলে প্রতিদ্বন্দ্বিতা কৰিব। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানৰ দল হিচাপে ভাৰতে মুকলি শাখাত প্ৰৱেশ কৰিব। ভাৰতৰ হৈ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ডি গুকেশ, বিশ্বৰ ৪নম্বৰ স্থানত থকা অৰ্জুন এৰিগাইচি আৰু ১২ নম্বৰ স্থানৰ খেলুৱৈ আৰ প্ৰাগনান'ধাই প্ৰতিযোগীতাত অৱতীৰ্ণ হ'ব। বি...

September 11, 2024 1:37 PM

চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাত ভাৰত তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ’ব

যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ'ব। চাৰিবাৰকৈ খিতাপ দখল কৰা ভাৰতে ইতিপূর্বে আয়োজক দেশ চীনক ৩-০ আৰু জাপানক ৫-১ গ'লত পৰাস্ত কৰিছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্রতি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতৰ সুখজিৎ সিং আৰু কোৰিয়া গণৰাজ্যৰ জিহুন য়াঙে প্রতিযোগিতাত যুটীয়াভাৱে সৰ্বাধিক তিনিটাকৈ গ'ল দিয়ে। প্রতিযোগিতাৰ ৰাউণ্ড ৰবীন পৰ্যায়ৰ শীৰ্ষৰ চাৰিটা দলৰ মাজত ১৬ ছেপ্তেম্বৰত ছ...