August 31, 2024 6:02 PM

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে ছেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে, মোহন বাগানে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে গ্রুপ পৰ্যায়ৰ খেলত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।

April 23, 2024 12:23 PM

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ভাৰতৰ তুলিকা মান

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপ ২০২৪ৰ ছেমিফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে মহিলাৰ ৭৮ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত এছিয়াড চেম্পিয়ন দক্ষিণ কোৰিয়াৰ কিম হায়নক পৰাজিত কৰে।