September 10, 2024 12:45 PM
শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন
দেশৰ ১৫ বছৰ বয়সৰ ওপৰৰ সকলো লোকক সাক্ষৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নৱ ভাৰত সাক্ষৰতা মিছনৰ অংশ স্বৰূপে শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত ইয়াৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১ ছেপ্তেম্বৰত জিলা সাক্ষৰতা মিছন কাৰ্যালয়ত আৰম্ভণি অনুষ্ঠানৰ পাছত ২ ছেপ্তেম্বৰত তেজপুৰৰ লোথেৰিয়ান উচ্চ মাধ্যমিক বিদ্যালয়ত মাতৃ গোটৰ সদস্য, স্বেচ্ছামূলক শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। সেইদৰে ৩ ছেপ্তেম্বৰত উলুবাৰী উচ...