August 22, 2024 11:31 AM
প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা
ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী ড° মানসিং ভাৰত নাট্যম আৰু ওডিচি নৃত্য শিল্পীৰ গুৰু। মুম্বাইত ১৯৪৪ চনত জন্মগ্ৰহণ কৰা মানসিঙে ১৯৬২ চনৰ পৰা নৃত্যৰ অনুশীলন আৰম্ভ কৰে। মুম্বাইত আৰংগাত্ৰমৰ পাছত তেওঁ ১৯৭৭ চনত নতুন দিল্লীত চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাচিকেল ডান্স নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লা...