September 11, 2024 1:26 PM

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ্ধতিবে কৃষি কৰ্ম আৰম্ভ কৰা এটা পলি হাউছত পুলি ৰোপণ কৰি কৃষি কৰ্মৰ শুভাবম্ভ কবে। জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৫৫ টা পলি হাউছ নিৰ্মাণ কৰা হৈছে।

July 23, 2024 7:41 PM

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ হৈছে। জিলাখনত দুমাহ ধৰি চলিব লগা এই অভিযানৰ জৰিয়তে ডায়েৰিয়া নিৰ্মূল কৰাৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাত ধুৱা, অ আৰ এছ খাবলৈ পৰামৰ্শ দিয়াৰ লগতে জিলাখনত অ আৰ এছ কৰ্ণাৰ স্থাপন কৰা হ'ব ।

May 11, 2024 6:24 PM

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...

April 24, 2024 8:21 PM

শিৱসাগৰত জ্ঞানপীঠ বঁটাপ্ৰাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠান

শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আজি জ্ঞানপীঠ বঁটাপ্ৰাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী উদযাপন সমিতি, শিৱসাগৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দ্ৰন শৰ্মাই “বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য : মন, মনন আৰু মতাদর্শ" শীর্ষক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত শিৱসাগৰ জিলাৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে চমু বক্তৃতা, কবিতা আবৃত্তি, গীত- ম...