June 10, 2024 7:05 PM

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত চোনম লামা, অৰুণ কুমাৰ উপেটি, চমদুপ লেপচা, ভিমহাং লিম্বু অন্যতম। গেংটকৰ পালিজোৰ ষ্টেডিয়ামত আজি বিয়লি আয়োজিত শপতগ্রহণ অনুষ্ঠানত বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধর্...