September 1, 2024 1:02 PM

জাৰ্মানীত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰত এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ

জাৰ্মানীৰ হানোৱাৰত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ চাৰিটা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত অনুয়া প্ৰসাদে সোণৰ পদক লাভ কৰে । অভিনৱ দেশৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে অভিনৱ দেশৱালে শুভম বশিষ্ট আৰু চেতন চপকালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে, ১৬ খন দেশত ৬৯ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

July 28, 2024 12:04 PM

পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মানু মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত আজি ভাৰতীয় শ্বুটাৰ মানু আজি শ্বেট' শুটিং কেন্দ্ৰত হ'বলগীয়া মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব পুৰুষ আৰু মহিলা উভয় শাখাৰ ১০মিটাৰ এয়াৰ ৰাইফলচত ৰমিতা জিন্দাল, এলাভেনিল ভালাৰিৱান, সনদীপ সিং আৰু অর্জুন বাবুতায়েও প্রতিযোগিতাত অৱতীৰ্ণ হ'ব। ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী, টেবুল টেনিচ আৰু বেডমিন্টন প্রতিযোগিতাতো অংশ ল'ব। মহিলাৰ দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰে চেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে পদক ...