July 20, 2024 7:38 PM
ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ সর্বানন্দ সোণোৱালৰ
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ নদীপৃষ্ঠসমূহৰ বহনক্ষমতা ক্ৰমাৎ কমি আহিছে। এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহন বিভাগৰ ...