September 16, 2024 7:57 PM

তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ড্ৰণ পৰ্য্যবেক্ষণ কেন্দ্ৰ, স্তম্ভ লাইট আৰু সৌৰশক্তি প্ৰকল্পৰ দৰে কেইবাটাও সা-সুবিধা উৎসর্গা কৰে। অনুষ্ঠানত শ্ৰীসোণোৱালে কয় যে, প্রায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে নৱ-নির্মিত কণ্টেইনাৰ টার্মিনেলটো বছৰি ৬ লাখ কণ্টেইনাৰ পৰিচালনা কৰিব পৰাকৈ সমৰ্থ। তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বন্দৰ, আন্তঃগাঁথনি প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছ...

September 6, 2024 8:49 PM

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি সুশাসনৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোৱেই হৈছে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ প্ৰথমটো সচিবালয়। ডিব্ৰুগড়ৰ সচিবালয়ত মুখ্যমন্ত্ৰীৰ এগৰাকী যুটীয়া সচিব, এগৰাকী উপ-সচিব, এগৰাকী অবৰ সচিব থাকিব। আনহাতে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব বা যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ কয় য...

September 6, 2024 6:38 PM

ডিব্ৰুগড়ত ‘মুখ্যমন্ত্ৰীৰ সচিবালয়’ মুকলিঃ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰীসহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য মন্ত্রী-বিধায়ক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 6, 2024 1:21 PM

অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদৰ বাবে মনোনয়ন পত্র দাখিল সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি সংস্থাটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সোণোৱালে কালি গুৱাহাটীৰ আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ত এই পদৰ একমাত্র প্রার্থী হিচাপে মনোনয়ন পত্র দাখিল কৰে। তেওঁৰ হৈ চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক হীৰেণ গগৈয়ে এই মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ মনোনয়নৰ বৈধতা পৰীক্ষা কৰাৰ লগতে আটাইবোৰ পদৰ বৈধ প্রার্থীৰ তালি...

August 22, 2024 8:16 PM

জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে আৰু বন্দৰটোত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়নমূলক উদ্যমৰ পৰ্যালোচনা চলায়। শ্ৰী সোণোৱালে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক সন্তুলন ৰক্ষাৰ উদ্দেশ্যে তিনিটা গুৰুত্বপূৰ্ণ জলনিকায়ো উদ্বোধন কৰে। অনুষ্ঠানত শ্ৰী সোণোৱালে জৱাহৰললাল নেহৰু বন্দৰ প্ৰাধীকৰণৰ ই-নীলামৰ সপ্তম পৰ্যায়ৰ বাবে অভিপ্ৰায় পত্ৰ জাৰি কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্ব...

August 7, 2024 1:02 PM

এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ পৰা নির্বাচিত এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত তেওঁলোকে এইবাৰৰ বাজেটত অসমৰ বাবে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত দিয়া আৱণ্টন, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত চৰাইদেউ মৈদামক অন্তর্ভুক্তিকৰণ, জাগীৰোডত উত্তৰ-পূবৰ প্ৰথমটো ছেমি কনডাক্টৰ প্রকল্পৰ অনুমোদন আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰ অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্রীয় মন্ত্রী সোণোৱালে সামাজিক মাধ্যমযোগে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ-প...

August 6, 2024 8:26 PM

যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে জনাইছে যে যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, যোৱা ১০ বছৰত জলপথৰ জৰিয়তে কার্গো পৰিবহন ৬ গুণ বৃদ্ধি পাইছে। ২০১৩-১৪ বৰ্ষত ১ কোটি ৮০ লাখ মেট্রিক টনতকৈ অধিক সামগ্ৰী জলপথৰ জৰিয়তে পৰিবহন কৰা হৈছে। তেওঁ লগতে কয় যে ২০২৩-২৪ বৰ্ষত এই ক্ষমতা ১৩৩ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি হৈছে। জলপথ পৰিবহনৰ আটাইতকৈ সহজ মাধ্যম বুলিও শ্রীসোণোৱালে কয়।

August 6, 2024 8:25 PM

প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে কৈছে যে দেশৰ কোনো মুখ্য বন্দৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই আৰু ভূমি তথা জলপৃষ্ঠৰ মালিকীস্বত্ত চৰকাৰৰ হাতত আছে। বন্দৰ পৰিচালনা আৰু জাহাজ পৰিচালনাক লৈ ৰাজ্যসভাত এটা লিখিত উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। শ্ৰীসোণোৱালে লগতে জনাই যে, ১২ টা মুখ্য বন্দৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু ২১৭ টা সাধাৰণ বন্দৰ ৰাজ্যিক সামুদ্রিক বোর্ডৰ অধীনত আ...

August 2, 2024 12:32 PM

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অনুৰোধত ইতিবাচক সঁহাৰি জনাই ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা তথা গুৰুত্বপূৰ্ণ অঞ্চল অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰ...

July 21, 2024 11:54 AM

গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ অত্যাধুনিক প্রযুক্তিৰে কৃত্ৰিম বান সমাধানৰ আশ্বাস দিছে। নালিয়াপুলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ তেওঁ বানৰ পৰা ৰাইজক সকাহ দিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বেদখলকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ নাগৰিক সভাৰ পোষকতা কৰে। লগতে বিশেষজ্ঞসকলৰ মতামত, পৰামৰ্শ লৈ সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ...