September 9, 2024 7:03 PM
ডিম্বেশ্বৰ শইকীয়ালৈ ২০২৩ৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা
মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, ২০২৩ৰ বাবে গোলাঘাট জিলাৰ ঢেকিয়ালৰ গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে। সত্ৰৰ সত্ৰাধিকাৰ ডº পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্রকাশ কৰে। ঢেকীয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিষয়ৰ শিক্ষক শইকীয়াৰ কীৰ্তনৰ সমীক্ষা শীর্ষক গৱেষণাধর্মী গ্রন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। শিক্ষকগৰাকীয়ে বৰ্তমানলৈ ৮খন গৱেষণাধর্মী গ্রন্থ ৰচনা কৰাৰ লগতে দুকুৰিৰো অধিক মননশীল প্রবন্ধ ৰচনা কৰিছে।