August 2, 2024 8:14 PM

২০১৪ চনত দেশত মাত্র ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাই ৭০৬ অতিক্ৰম কৰিছে

লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰীৰ প্ৰস্তাৱ সম্পর্কে আলোচনা হয়। আলোচনা আৰম্ভ কৰি কংগ্ৰেছ তাৰিক অনৱাৰে জনসাধাৰণৰ বাবে চিকিৎসা সুবিধাৰ উপলভ্যতাত গুৰুত্ব আৰোপ কৰে। সাংসদগৰাকীয়ে গ্ৰামাঞ্চলৰ বুনিয়াদী স্বাস্থ্য সুবিধাৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটত যথেষ্ট ধন আবণ্টন কৰা হোৱা নাই বুলি অভিযোগ তোলে। ঔষধৰ উচ্চ মূল্যৰ কথা উল্লেখ কৰি শ্ৰী অনৱাৰে বৰ্ধিত দামৰ জনসাধাৰণে ঔষধ ক্রয় কৰিবলৈ অসমৰ্থ হোৱা বুলি অভিযোগ কৰে। আলোচনাত অংশ লৈ বিজেপিৰ ড° সঞ্জয় জয়ছোৱালে ...