September 11, 2024 6:06 PM

গ্ৰেটাৰ নয়দাত প্ৰধানমন্ত্ৰীৰ ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্...

September 10, 2024 12:56 PM

ইণ্ডিয়া এক্সপো মাৰ্টত কাইলৈ প্ৰধানমন্ত্ৰীৰ চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে এই উপলক্ষে অংশগ্রহণকাৰীসকলক সম্বোধন কৰিব। "অর্ধপৰিবাহী খণ্ডৰ ভৱিষ্যত গঢ় দিয়া" শীৰ্ষক বিষয়বস্তুৰে কাইলৈৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চেমিকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হ'ব। এই কৌশল তথা নীতিসমূহৰ জৰিয়তে দেশক অর্ধপৰিবাহী খণ্ডৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। সন্মিলনত বিশ্বৰ অৰ্...