September 9, 2024 8:37 PM

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত ডº এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে আজি ৰিয়াধত অনুষ্ঠিত ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগতে উপসাগৰীয় সহযোগিতা পৰিষদৰ একাংশ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় সামৰি লোৱা হয়। চৌদি আৰৱৰ বিদেশ মন্ত্ৰী ফেইচাল বিন ফৰহানৰ সৈতে হোৱা আলোচনাত ডº জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায় আৰু দুয়োগৰাকী নেতাই বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয় লৈ মত বিনিময় কৰ...

August 27, 2024 8:16 PM

দিল্লীত আজি ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধন

বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে ব্ৰাজিলৰ জি টুৱেণ্টি অধ্যক্ষতাৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমর্থনৰ কথা দোহাৰিছে। দিল্লীত আজি অনুষ্ঠিত ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়পূৰ্ণ বিশ্ব আৰু পৃথিৱীৰ বহনক্ষম বিকাশৰ বাবে ব্ৰাজিলৰ অনন্য উদ্যমৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্ৰাজিলৰ মাজত ২০০৬ চনত গঢ় লৈ উঠা কৌশলগত সহযোগিতা বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। প্ৰতিৰক্ষা, মহাকাশ, সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্রাজিলৰ সৈ...

July 25, 2024 10:56 AM

ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ। দিল্লীত কালি ব্ৰিটেইনৰ বিদেশ সচিব ডেভিদ লেমীৰ সৈতে হোৱা বৈঠকত ড০ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উভয় দেশৰ শক্তিশালী স্থিতিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত গোলকীয় পৰ্যায়ত একেলগে কাম কৰাৰ প্ৰয়োজন ।

July 1, 2024 12:37 PM

ড’হাত কাটাৰৰ প্রধানমন্ত্ৰীক সাক্ষাৎ ডº এছ জয়শংকৰৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে কালি ড'হাত কাটাৰৰ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী মহম্মদ বিন- আব্দুল ৰহমান বিন জাচিম অল থানিক সাক্ষাৎ কৰে। ডº জয়শংকৰে প্ৰধানমন্ত্ৰী অল থানি আৰু কাটাৰৰ আমিৰক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰে। তেওঁলোকে ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, প্রযুক্তি, সংস্কৃতি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ বিষয়সমূহৰ সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতাৰ পুনৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে। বিদেশ পৰিক্ৰমা ম...

June 10, 2024 8:16 PM

নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক ড° এছ জয়শংকৰৰ সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড° জয়শংকৰে তেওঁলোকৰ কথোপকথনত ভাৰত মৰিচাচৰ মাজত থকা বিশেষ সম্বন্ধ প্রতিফলিত হোৱা বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালৰ প্রধানমন্ত্রী পুষ্প কমল দহলকো সাক্ষাৎ কৰি দুয়োখন দেশৰ বৰ্ধিত বহুপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। ড° জয়শংকৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহামেদ মুইজুৰ সৈতে বৈঠকত মিলিত হৈ দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত সহযোগিত...

April 9, 2024 8:09 PM

বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ’ৰা জেন্তজিছক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত বেলজিয়ামৰ বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ'ৰা জেন্তজিছক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত, বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ মাজত অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে বুলি ছোচিয়েল মিডিয়াৰ এটা বার্তাযোগে ডº জয়শংকৰে প্ৰকাশ কৰে। ড° জয়শংকৰে হীৰা উদ্যোগ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চেমিকনডাক্টৰ আৰু সেউজ বিকাশ সম্পর্কেও মতামত ব্যক্ত কৰে।