September 8, 2024 11:24 AM

ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ইটালীৰ প্ৰধানমন্ত্রীৰ মন্তব্য

ইটালীৰ প্ৰধানমন্ত্রী জিঅ' ৰজিয়া মেলনিয়ে কৈছে যে, ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমীৰ পুটিনে এই সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি ইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিৰ সৈতে হোৱাৰ সাক্ষাতৰ পাছতেই এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত ইউক্রেইন ভ্ৰমণৰ সময়ত দেশ...

September 6, 2024 9:02 PM

ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰেঃ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে, ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। ইষ্টাৰ্ন ইকনমিক ফ'ৰামৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ভাৰত, ব্রাজিল আৰু চীনে ইউক্রেইনৰ পৰিস্থিতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত, চীন আৰু ব্ৰাজিলৰ সৈতে তেওঁ অহৰহ যোগাযোগত আছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মস্কো ভ্ৰমণ আৰু শেহতীয়াকৈ ইউক্রেইন ভ্ৰমণৰ পাছত পুটিনৰ এই মন্তব্য প্ৰক...

August 25, 2024 8:06 PM

ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলত ইউক্রেইনৰ সশস্ত্র বাহিনীৰ আক্ৰমণ

ৰাছিয়াৰ বেলগ'ৰ'ড অবলাষ্ট অঞ্চলৰ ৰাকিটনৈয়ে গাঁৱত আজি ইউক্রেইনৰ সশস্ত্র বাহিনীয়ে চলোৱা এটা আক্ৰমণত পাঁচ গৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত স্থানীয় আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ১০ টা বাসগৃহ, দুটা বাণিজ্যিক ভৱন আৰু চাৰিখন যাত্রীবাহী বাহন বিধবস্ত হয়। প্ৰশাসনৰ তৰফৰ পৰা দিনৰ ভাগত ঘৰে ঘৰে পৰিদৰ্শন অভিযান চলোৱা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।