August 30, 2024 8:47 PM
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ অনুমোদিত পৰিকল্পনা আৰু অনুমান অনুসৰি ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আয়োগৰ অধীনৰ সকলো আঁচনি সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ জৰিয়তে পৰীক্ষা কৰা হ'ব। পৰীক্ষণৰ অন্তত জিলা আয়ুক্তই বিশদ প্রতিবেদন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰিব লাগিব। এই আদেশ তাৎক্ষণিকভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়া হৈছে।