June 1, 2024 1:33 PM

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা 

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপবাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানসপ্রতীম শৰ্মাই।

May 31, 2024 8:21 PM

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

April 3, 2024 12:27 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল'গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ হৃষীকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শর্মাই। Read More News : মা...