June 7, 2024 6:38 PM
একেৰাহে অষ্টমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ৰেট অপৰিৱৰ্তিত
ভাৰতীয় ৰিজাৰ্ভ বেংকে দুমহীয়া মৌদ্রিক নীতি সমীক্ষা অনুসৰি পলিছি ৰেপ'ৰেট ৬.৫-০ শতাংশত অপৰিবৰ্তিত ৰাখিছে। শীৰ্ষ বেংকটোৱে একেৰাহে অষ্টমবাৰৰ বাবে ৰেপ'ৰেটৰ কোনো পৰিবৰ্তন কৰা নাই। ষ্টেণ্ডিং ডিপ'জিট ফেচিলিটি – এছ ডি এফৰ হাৰ ৬. ২-৫ শতাংশত আৰু মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি এম এছ এফৰ হাৰ তথা বেংকৰ হাৰ ৬.৭-৫ শতাংশত অপৰিবৰ্তিত ৰাখে। মৌদ্রিক নীতি সমিতিয়ে ৪ অনুপাত ২ বহুমতত এই সিদ্ধান্ত গ্রহণ কৰে। সমিতিয়ে আর্থিক বৃদ্ধিত উৎসাহ যোগোৱাৰ লগতে মুদ্রাস্ফীতি নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। ...