June 1, 2024 6:38 PM

বৰাক উপত্যকাত বানত ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত দল প্ৰেৰণ

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৬০ খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত...

May 27, 2024 6:21 PM

ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে : এন ডি আৰ এফ

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মোহছেন শ্বাহিদীয়ে কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰতি ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগত অহা ৰেমলৰ গতিবেগ বর্তমান ৬০ৰ পৰা ৭০ কিলোমিটাৰ হৈছে। শ্ৰীশ্বাহিদীয়ে কয় যে আজি সন্ধিয়াৰ ভিতৰত ইয়াৰ গতিবেগ হ্ৰাস পোৱাৰ আশা কৰা হৈছে। তেওঁ কয় যে ৰেমলৰ ফলত কলকাতাত এখন পকীবেৰ খহি যোৱাৰ ফলত এগৰাকী লোকৰ মৃত্যু হয়। তেওঁ কয় যে পশ্চিম বংগৰ সৰ্বাধিক ক্ষতিগ্রস্ত অঞ্চলসমূহ...