May 26, 2024 1:27 PM
ৰেমল নামৰ ঘূৰ্ণিবতাহজাক আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ পূৱত প্ৰচণ্ড ঘুৰ্ণিবতাহলৈ ৰূপান্তিৰত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। ইপিনে, কোলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘুৰ্ণি বতাজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে ...