July 11, 2024 12:55 PM

পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ আলোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা তথা পৰিষদৰ অধ্যক্ষ মহেৎ হোজাইকে ধৰি কেইবাগৰাকীও বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি শৈক্ষিক পৰিৱেশ আৰু এই সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহত শৈক্ষিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি...

July 11, 2024 9:56 AM

ৰাজ্যৰ কেবিনেট বৈঠকত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি এইকথা প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ ৬১২ গৰাকী নিয়মীয়া কৰ্ম...

June 20, 2024 7:49 PM

দিছপুৰত আজি কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগত ডাঃ ৰণোজ পেগুৰ বৈঠক

কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন সন্দৰ্ভত আলোচনা কৰা হয়। লগতে বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে ৰূপৰেখা নিৰূপণ কৰা হয়। আজিৰ এই বৈঠকত সাংসদ অমৰসিং টিছ’, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্রত...