May 13, 2024 8:30 PM
ৰঞ্জু হাজৰিকাক ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত
সাহিত্যিক ৰঞ্জু হাজৰিকাক তেজপুৰৰ নন্দন কানন সংগীত বিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছে। বিহগুৰিৰ টুমুকীৰ নন্দন কানন ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনত সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, ফুলাম গামোচা, জাঁপি, চেলেং, স্মাৰক আৰু ২০ হাজাৰ টকা। উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা অসমীয়া ভাষা সাহিত্য, সংস্কৃতি আৰু সমাজলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে।